আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?
by Haren
1. আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰ: আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে “জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। 2. বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? উত্তৰ: বীৰবলে কোৱা কথাখিনি হাড়ে-হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব। 3. … Read more
বুধিয়ক বুঢ়াজন (এটি কছাৰী সাধু) – অসমীয়া সাধু
by Haren
এসময়ত এখন গাঁৱত সাতজন ভাই- ককাই আছিল। সিহঁতে পৰৰ ধন-সোণ চুৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। সিহঁত আটায়ে লগ লাগি এই কাম কৰিছিল। এদিনাখন ডাঙৰজনে আনবোৰক ক’লে, “ভাইসব, সেই বুঢ়া মানুহজনৰ বহুতো ধন-সম্পত্তি আছে। গতিকে আমি কাইলৈ তেওঁৰ ঘৰলৈ গৈ টকাখিনি লৈ আনোগৈ ব’লা।” আনবোৰেও সন্মতি জনালে। বুঢ়াই সিহঁতৰ পৰিকল্পনা সপোনত গম পাইছিল। ৰাতিপুৱা সাৰ পাই … Read more
ৰজা আৰু মন্ত্ৰীৰ সাধু – অসমীয়া সাধু
by Haren
পুৰণি কালৰ কথা। বাৰাণসীত এজন ৰজা আছিল। ৰজাৰ এজন মন্ত্ৰীও আছিল। এবাৰ শত্ৰুৱে আক্ৰমণ কৰাত ৰজা আৰু মন্ত্ৰীয়ে শত্ৰুৰ সৈতে যুদ্ধ কৰি যুদ্ধত জয়লাভ কৰিলে। তেতিয়া ৰজাই মন্ত্ৰীক ক’লে মন্ত্ৰী মোৰ গুণতে আমাৰ যুদ্ধখনত জয় সম্ভৱ হ’ল। মন্ত্ৰীয়ে বোলে হ’বই নোৱাৰে। মোৰ গুণতহে আমি যুদ্ধখনত জয়ী হলো। এনেদৰে কথা কটাকটি কৰি থাকোতে দুয়োৰে মাজত কাজিয়া … Read more
বীৰবলৰ সাধু – অসমীয়া সাধু
by Haren
এদিন এজন মানুহে ৰজাৰ নগৰ চাবলৈ আহোঁতে এজনী মাইকী মানুহে তেওঁক লগ পাই কৰ মানুহ, কি কথা, কলৈ যাব বুলি সুধিলে। মানুহজনেও সকলো কথা ভাঙিপাতি ক’লে। মানুহজনীয়ে মানুহজনক নি ৰাজসভা পোৱালেগৈ। মানুহজনীয়ে ৰাজসভাত চিঞৰ-বাখৰ লগাই কান্দি কাটি ৰজাক ক’লে, ‘এই মানুহজনে মোৰ হাতৰ, কাণৰ গহনা আৰু ১৫০০ টকা কাঢ়ি ল’লে, মহাৰাজ বিচাৰ কৰি দিয়ক।’ ৰজাই … Read more
পাৰস্য দেশৰ সাধু – অসমীয়া সাধু
by Haren
প্ৰাচীন কালত পাৰস্য দেশত এজন সদাগৰ আছিল। সদাগৰে প্ৰায় ভাৰতলৈ বনিজ বেহাবলৈ আহে। এবাৰ তেওঁ ভাৰতৰ পৰা এটা ভাটো লৈ গৈ নিজৰ ঘৰত সোণৰ সজাত ৰাখি মৰমেৰে পুহিবলৈ ধৰিলে। ভাটৌ চৰাইটোৱে বৰ সাৰুৱা কথা কয়। সদাগৰে আজৰি সময়কণ ভাটৌৰ লগতে ভাল কথা পাতি কটায়। লাহে লাহে ভাটৌ সদাগৰৰ বন্ধু হৈ পৰিল। এবাৰ ভাৰতলৈ বণিজ বেহাবলৈ … Read more
কণা আৰু খোৰা সাধু – অসমীয়া সাধু
by Haren
এখন গাঁৱত ৰুদাই নামেৰে এজন কণা আছিল। এদিন সি আলিবাটেদি গৈ আছিল। গৈ গৈ এডোখৰ বৰ ওখোৰা মোখোৰা বাট পালে। লগে লগে ৰুদাইৰ বৰ হাহাকাৰ লাগিল। সাৰথি লাখুটীডালেও বিশেষ সহায় কৰিব নোৱাৰিলে। ৰুদাইয়ে আগবাঢ়িব নোৱাৰা হ’ল। তেওঁ খোজে পতি উজুটি খাবলৈ ধৰিলে। ঠিক সেই সময়তে নদাই নামেৰে এজন খোৰা লেকেচিয়াই লেকেচিয়াই আহি আছিল। তেওঁৰো সেই … Read more
জাতকৰ সাধু – অসমীয়া সাধু
by Haren
পুৰণি কালৰ কথা। ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত গান্ধাৰ নামে এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰাজধানী আছিল তক্ষশীলা। সেই সময়ত বোধিসত্ব নামৰ এজনা ঋষি এই নগৰত জন্ম গ্ৰহণ কৰিছিল আৰু গুৰুকুল বিদ্যালয় পাতি তাৰ আচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এই আচাৰ্যজনৰ অধীনস্থ গুৰুকুলত প্ৰায় পাঁচশ শিষ্যই শিক্ষা গ্ৰহণ কৰিছিল। এদিনাখন শিষ্যসকলে খৰি লুৰিবলৈ হাবিত সোমাল। তাত সকলোৱে শুকান খৰি … Read more
বুদ্ধিয়ক বান্দৰ এটি খাছী সাধু – অসমীয়া সাধু
by Haren
এখন অৰণ্যৰ কাষত সেউজীয়া পথাৰ। বহু দূৰ জুৰি থকা এই পথাৰখনিয়ে চকু জুৰ পেলায়। এসময়ত ওচৰৰ গাঁৱৰ এজন খেতিয়কে বহু আশা কৰি, অনেক পৰিশ্ৰম কৰি ইয়াত যথেষ্ট পৰিমাণে কণী ধানৰ খেতি কৰিছিল। অকল কণী ধানেই নহয় তাৰ লগে লগে অন্যান্য প্রয়োজনীয় খাদ্য সামগ্রী, যেনে – আলু, জলকীয়া, আদা আদিৰ খেতিও কৰিছিল। দিন বাগৰাৰ লগে লগে … Read more
নিজ ভাগ্য এটি নগা সাধু – অসমীয়া সাধু
by Haren
এসময়ত এজন ৰজাৰ সাতজনী জীয়েক আছিল। তেওঁ সিহঁতক বৰ মৰম কৰিছিল। তেওঁ নিজেই সিহঁতক ৰান্ধি-বাঢ়ি খুৱাইছিল। যেতিয়া খোৱা-বোৱা শেষ হয় তেতিয়া তেওঁ জীয়েককেইজনীক সোধে, “খাই কেনে পালা?” তেতিয়া ডাঙৰ জীয়েককেইজনীয়ে দেউতা খাই বৰ ভাল লাগিল বুলি কয়; কিন্তু সৰুজনীয়ে কয় ‘এইখন আঞ্জা মই ৰন্ধাৰ নিচিনা ভাল হোৱা নাই। মই ইয়াতকৈ বেছি ভাল ৰান্ধো।’ সদায় সৰু … Read more
এজন অহংকাৰী ৰজা – অসমীয়া সাধু
by Haren
এখন দেশত এজন বৰ অত্যাচাৰী ৰজাই শাসন কৰিছিল। তেওঁ নিজৰ বাহিৰে প্ৰজাৰ সুখ-দুখলৈ অলপো চকু দিয়া নাছিল। এবাৰ সেই দেশৰ সীমামূৰীয়া হাবি এখনলৈ ক’ৰবাৰ পৰা ৰাক্ষস এটা আহিল। ৰাক্ষসটোৱে হাবিৰ দাঁতিকাষৰীয়া মানুহবোৰ মাৰি খাবলৈ ধৰিলে। বাচি থকা সকলে প্ৰাণৰ ভয়ত যেনি-তেনি পলাই সাৰিবলৈ চেষ্টা কৰিলে। প্ৰজাসকলৰ দুখে কুলাই-পাচিয়ে নধৰা হ’ল। এফালে ৰজাৰ পৰা অশান্তি আৰু … Read more